ট্ৰাইডেন্ট একাডেমীত পুৰস্কাৰ প্ৰদান অনুষ্ঠান

মিৰ্জা,৪মাৰ্চঃ ছাত্ৰ-ছাত্ৰীক পঢ়াৰ ক্ষেত্ৰত মনোনিবেশ কৰাৰ লগতে এখনি মঞ্চ প্ৰদানৰ উদ্দেশ্যে আগত ৰাখি পলাশবাৰীৰ ৰামপুৰস্থিত ব্যক্তিগত খণ্ডৰ এখনি উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান ট্ৰাইডেন্ট একাডেমীয়ে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈ আহিছে। তাৰেই সমান্তৰালকৈ মাল্টিকুল চইজ কুৱেশ্বনৰ ওপৰত ভিত্তি কৰি যোৱা জানুৱাৰী মাহৰ ২৩ তাৰিখে ৰামপুৰৰ ট্ৰাইডেন্ট একাডেমীৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল এখনি শৈক্ষিক প্ৰতিযোগিতা।উক্ত প্ৰতিযোগিতাত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,মাধৱদেৱ হাইস্কুল আদিকে কৰি কামৰূপ জিলাৰ প্ৰায় ত্ৰিশ খন চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰায় তিনিশ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল। ইফালে আজি উক্ত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পুৰস্কাৰ ও মানপত্ৰ সমূহ বিতৰণ কৰা হয়। প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ দহ হাজাৰ টকা লাভ কৰে ভিআইপিৰ মাইলচ ব্ৰনছন ৰেচিডেন্টেল স্কুলৰ ছাত্ৰ মানস প্ৰতীম দাস। দ্বিতীয় পুৰস্কাৰ পাচ হাজাৰ টকা লাভ কৰে ভাগৱতীপাৰাৰ মাধৱদেৱ হাইস্কুলৰ দীপাংকৰ দাস আৰু তৃতীয় পুৰস্কাৰ তিনি হাজাৰ টকা লাভ কৰে লাল মোহন চৌধুৰী স্কুলৰ ছাত্ৰ ৰাগভূষণ কলিতাই। আজি ট্ৰাইডেন্ট একাডেমীত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত বটা বিতৰণ কৰাৰ লগতে একাডেমীৰ অধ্যক্ষ সঞ্জিৱ প্ৰসাদে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত মানপত্ৰ প্ৰদান কৰে