টোভঙা মিচিং সম্প্ৰদায়ৰ মহিলাসকলৰদ্বাৰা কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাঙৰ প্ৰস্তুতি

: শোণিতপুৰ জিলাৰ জীয়া ভৰলী নৈৰ পাৰত অৱস্থিত টৌভঙাৰ মিচিং সম্প্ৰদায়সকলৰ পৱিত্ৰ কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাঙৰ উপলক্ষে মহিলাসকলৰ লগতে গাৱঁৰ যুৱক-যুৱতী,শিশু কিশোৰ কিশোৰী ব্যস্তহৈ পৰিছে পৰম্পৰাগত খেল-ধেমালীত ৷ হাহঁধৰা,কল গছত উঠা আদি বিভিন্ন খেল ধেমালীত অংশ গ্ৰহন কৰি গাৱঁৰ মহিলা যুৱক যুৱতী শিশুকেধৰি সকলো শ্ৰেণীৰ ৰাইজ আত্মহাৰা হৈ পৰা দেখা গৈছে ৷ গাওঁবাসী ৰাইজে অনুষ্ঠিত কৰা এই পৰম্পৰাগত খেল ধেমালীৰ উপৰিও মিচিং সম্প্ৰদায়ৰ মহিলা যুৱতী সকল পৰম্পৰাগত খাদ্য তৈয়াৰ কৰাটো ব্যস্ত হৈ পৰা দেখা গৈছে ৷ । ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোতে পৱিত্ৰ কৃষি ভিত্তীক উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ বাৱে এতিয়া অঞ্চলটোৰ মিচিং পুৰুষ- মহিলা যুৱক-যুৱতী সকলৰ গাত তৎ নোহোৱা হৈছে ৷ তেওঁলোকৰ পৰম্পৰাগত খাদ্য সামগ্ৰী তৈয়াৰত ব্যস্ত হৈ থকা মহিলাসকলে কামৰ মাজতে সুৰ নিগৰাইছে ঐনিতমৰ ৷ ঐনিতমৰ মাজেৰে অসমবাসীক পৱিত্ৰ উৎসৱ আলি আয়ে লৃগাঙৰ শুভেচ্ছা জনাইছে টৌভঙা গাৱঁৰ মিচিং ৰাইজে ৷

জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট

Leave a Reply

Your email address will not be published.