বিলাসী পাৰা কাজাইকাটাত বিকলাঙ্গ সকলৰ নায়েৰ আলগা ব্লক কমিটি গঠন

ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত কাজাইকাটা হাইস্কুল প্ৰাঙ্গণত যোৱা কালি ৰাতি পুৱা ১১ বজাত বিকলাঙ্গ সকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

সভাৰ সভাপতিত্ব কৰে বিলাসী পাৰা মহকুমা ভিত্তিত ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ সভাপতি ইছমাইল সেখ চাহাবে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফিজিকেল হেণ্ডিকেপ্ট গিয়াছ উদ্দিনে।

লগতে সভায় উপস্থিত থকা গন্য মান্য ব্যক্তি সকলক ফুলাম গামোচাৰে সন্মান জনোৱা হয়।

উক্ত সভাত মুখ্য অতিথি হিচাপে বিলাসী পাৰা মহকুমা ভিত্তিত ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক ফৰিজ উদ্দিন আহমেদ, বিশিষ্ট অতিথি হিচাপে ফিজিকেল হেণ্ডিকেপ্ট আমিনুল ইছলাম, আনোৱাৰ হুছাইন, সাংবাদিক আতোৱাৰ ৰহমান আদি কে ধৰি বিভিন্ন বক্তায় উপস্থিত থাকি বিকলাঙ্গ সকলৰ বাবে চৰকাৰী আঁচনি আৰু বিকলাঙ্গৰ নামত কিছুমান দালালে ‌দালালি কৰা দালালৰ বিৰুদ্ধে ভাষন আগবঢ়ায় আৰু এনে দালালৰ পৰা বিকলাঙ্গ সকলক বিৰত থাকিবলৈ আহ্বান জনায়।

উক্ত সভাত নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ আঞ্চলিক হেণ্ডিকেপ্ট সকলৰ উপস্থিতিত ফৰিজ উদ্দিন আহমেদক সভাপতি আৰু আমিনুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ২১জনীয়া বিকলাঙ্গ সকলৰ
নায়েৰ আলগা ব্লক কমিটি গঠন কৰা হয়।

বাইট- বিলাসী পাৰা মহকুমা ভিত্তিত ফিজিকেল হেণ্ডিকেপ্ট ওৱেলফেয়াৰ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক ফৰিজ উদ্দিন আহমেদে।

বিলাসী পাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published.