ফলঙনীত কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠানৰ শুভাৰম্ভ।

আজি গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ফলঙনী ডাকঘৰ চাৰিআলি ত National Board of Computers Education নামেৰে এটি শিক্ষা প্ৰতিষ্ঠান ৰ শুভাৰম্ভ হয়। মুৰফূলনী অঞ্চলৰ উদীয়মান যুবক দেবেন ভেৰৱা আৰু শৰৎ ভেৰুৱাৰ মহান প্ৰচেষ্টা ত ফলঙনী মুৰফুলনী অঞ্চলত কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান গঢ় লৈ উঠাত স্থানীয় ৰাইজে আদৰনী জনাইছে।
অঞ্চলটোৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলে এই কম্পিউটা শিক্ষা প্ৰতিষ্ঠান ৰ জৰিয়তে মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে সহায়ক হ’ব বুলি ৰাইজে ভাব প্ৰকাশ কৰিছে।
উক্ত প্ৰতিষ্ঠানত তৃতীয় শ্ৰেণীৰ পৰা মুকলি থাকিব আৰু অহা এক মাচ ৰ পৰা আৰম্ভ হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

নুমলীগড় পৰা জানমনি দও ৰিপৰ্ট

Leave a Reply

Your email address will not be published.