নৱাৰুণ সাহিত্য সভাৰ একাদশ দ্বি বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি

আজি নিৰ্ধাৰিত সময়তে সকলো কাৰ্যসূচী আৰম্ভ হৈছে।পুৱা পতাকা উত্তোলন কৰে সভাপতি হেমন্ত দাসে।স্মৃতি তৰ্পন কৰে উপ সভাপতি কৰুনাকান্ত মহন্তই।
যুৱ সাহিত্য মেলত সঞ্চালক হিচাপে উপস্থিত থাকে অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমাই।পৰ্যালোচক হিচাপে উপস্থিত থাকে প্ৰাঞ্জল দলৈয়ে।ইয়াৰ পিছত গিৰিশ দাসৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত মায়াৰাম দাস আৰু গিতিকা মহন্ত উপস্থিত থাকে। দুপৰীয়াৰ আহাৰ সকলোৱে গ্ৰহন কৰে।হেমন্ত দাসৰ সভাপতিত্বত সম্পাদক ভাস্কৰজ্যোতি দাসে উদ্দেশ্য বাখ্যা কৰে।উক্ত সভাত ২০২১-২০২৩ ইংৰাজী বৰ্ষৰ বাবে কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰে। হেমন্ত দাসক সভাপতি, কমলা কান্ত দাসক উপ সভাপতি, গনেশ্বৰ দাসক সম্পাদক, ভাস্কৰজ্যোতি দাসক(ফুলগুৰি) সহকাৰী সম্পাদক, নকুল কলিতা আৰু গজেন্দ্ৰজিৎ দাসক আলোচনা চক্ৰৰ আহ্বায়ক,মিলন মহন্তক প্ৰচাৰ সম্পাদক,বিপুল দাসক সাংস্কৃতিক সম্পাদক,কাৰ্যনিৰ্বাহক সদস্য হিচাপে ৰামচৰণ দাস,হিতেশ দাস,অনন্ত কলিতাৰ লগতে তিনিগৰাকী সদস্যাৰ লগতে জনসেৱাৰ মুখ্য আহ্বায়ক হিচাপে মিতুমনি দাসক ৰখা হৈছে। ইয়াৰ উপৰিও উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়।শেষত সভাপতিৰ ভাষণেৰে সভা ভঙ্গ হয়।সন্ধিয়া প্ৰতিষ্ঠাপক সভাপতি ৰজনী কলিতাই বন্তি প্ৰজ্বলন কৰাৰ পিছত প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে।
আজি দ্বিতীয় দিনা পুৱা নৱ নিৰ্বাচিত সভাপতিৰ বাসগৃহৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰে প্ৰাক্তন সভাপতি কিৰন কলিতাই।ইয়াৰ পিছত সভাপতি হেমন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে প্ৰাক্তন সভাপতি তথা দক্ষিন কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰীয়ে।সভাত গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পৰশমনি দাসে মুখপত্ৰ উন্মোচন কৰে।অনুষ্ঠানত ছয়ানী বৰদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাগ্যলক্ষ্মী তালুকদাৰে।অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ উপৰিও শাখাৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াসকল উপস্থিত আছিল।সন্ধিয়া বৰিহাট মাহিলী বৈঠকীয়ে সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ সফল সমাপ্তি ঘটে।

বৰিহাটৰ পৰা মিতুমনি দাসৰ ৰিপৰ্ট

Leave a Reply

Your email address will not be published.