
দ্ৰৰিদ্ৰতাই যেন হেঙাৰ হব নোৱাৰে ,তাৰে প্ৰমাণ কৰি দেখুৱালে জুৰীয়াৰ উদমাৰী গাওঁৰ অতি পিচপৰা অঞ্চলৰ আমিৰ হুছেইনে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ ভাৰতৰ হৈ নেপালৰ কাঠমাণ্ডুত চাউথ এছিয়ান গেমছ২০২১ৰ ভলিবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি সোণৰ পদক অৰ্জন আমিৰৰ। ইয়াকে লৈ আমীৰৰ জন্মস্থান জুৰীয়াৰ উদমাৰীত উৎসৱ মুখৰ পৰিবেশ । আমীৰৰ সাফ্যলৰ খবৰ পাই অধ্যয়ন কৰা উদমাৰীৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী ফটকা ফুটাই আনন্দ উল্লাহ কৰে । উদমাৰী গাওঁৰ একা বেকা বাটেৰে বুকা পানী ঘূচকি আন্তঃৰাষ্ট্ৰীয় বলীবল খেলত স্থান লাভ কৰি আমিৰ হুছেইনে সোণৰ পদক অৰ্জন কৰাত উৎফুলিত হৈ পৰিছে আমীৰৰ দৰিদ্ৰ পিতৃ আব্দুৰ ৰহিমৰ লগতে পৰিয়াল আৰু স্থানীয় ৰাইজে ।
জুৰীয়াৰ পৰা গিয়াছ উদ্দিন আহমেদ ৰিপোৰ্ট ।