কাৰাইখাইতি জাতীয় বিদ্যালয়ত ক’ভিড পৰীক্ষা সম্পন্ন |

দীৰ্ঘ বিৰতিৰ অন্তত খোল খালে ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহ | এতিয়া বিদ্যালয়ে বিদ্যালয়ে উপস্থিত হৈছে স্বাস্থ্যকৰ্মী | অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশমৰ্মে স্বাস্থ্যকৰ্মী সকলে বিদ্যালয়ত গৈ ছাত্ৰ-ছাত্ৰী ও শিক্ষক-শিক্ষয়িত্ৰী সকলোক ক’ভিড পৰীক্ষা কৰা আৰম্ভ কৰিছে | তদুপলক্ষে আজি কাৰাইখাইতি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী সকলে উপস্থিত হয় কাৰাইখাইতি জাতীয় বিদ্যালয়ত | স্বাস্থ্যকৰ্মী সকলে বিদ্যালয়খনৰ আঢ়ৈশ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলোক ক’ভিড পৰীক্ষা কৰে | কিন্তু বিদ্যালয়খনৰ এজনো ছাত্ৰ-ছাত্ৰী ও শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ভিড পজিটিভ ওলোৱা নাই | ফলত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী লগতে শিক্ষক-শিক্ষয়িত্ৰী সকল |

সোণতলীৰ পৰা মীৰ মুছাৰোফ হুছাইন

Leave a Reply

Your email address will not be published. Required fields are marked *