বোকাখাতত অব্যাহত কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ ৷



১৯৮৮ চনত বোকাখাতত পোনপ্ৰথমবাৰৰ বাবে কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ স্হাপন হ’য় ৷ ৰাতুল বড়োৰ তত্ত্বাৱধানত স্হানীয় কেইজনমান যুৱকৰ সহযোগত Bodokant karate ৰ পাতনি মেলে ৷ পিচে কিছুদিন পাচতে উক্ত শিবিৰ বন্ধ হৈ পৰে ৷ পৰৱৰ্তী সময়ত মণিপুৰৰ ৰাকেশ মেইটেৰ নেতৃত্বত আন কেইজনমান উদ্যমি যুৱকৰ প্ৰচেষ্টাত Okinawa martial art =ৰ সৌজন্যত আন এটি শিবিৰ গড় লৈ উঠে ৷ এই শিবিৰৰ পৰাই কেইবাজনো য়ুৱকে সুখ্যাতিৰে Black belt খিতাপ অৰ্জন কৰে ৷
সময় অতিবাহিত হোৱাৰ সমান্তৰালকৈ এই শিবিৰটিও ম্লান হৈ পৰে যদিও নিৰ্দিষ্ট দুজনমানেহে ধাৰাবাহিকতা বজাই ৰাখিছে ৷ ইয়াৰে ভিতৰত ৰাণা বৰুৱা = দুল ফুকন আৰু পিংকু চৌধুৰীয়ে প্ৰশিক্ষন শিবিৰ চলাই আছে ৷ ইয়াৰে ৰাণা বৰুৱাই নিজা গৃহৰ চৌহদতেই ৪০=৫০ জন ছাত্ৰছাত্ৰীক কাৰাটেৰ প্ৰশিক্ষন চলাই আছে ৷ ” স্ৱাস্হই সম্পদ ‘ বাণীক সৰোগত কৰি সমৰকলাৰ জৰিয়তে মানসিক ভাৰসাম্য অটুত ৰাখিব পৰা যায় বুলি বৰুৱাই মতপোষণ কৰে ৷ লগতে তেওঁ Martial art ক শেহতীয়াকৈ স্পৰ্টচ অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ বাবে যথেষ্ট উৎফুল্লিত হ’য় ৷ এই ক্ষেত্ৰত তেখেতে চৰকাৰৰ সদ্দিচ্ছা আৰু সহযোগিতাৰ জৰিয়তে অনেক সম্ভাৱনাপূৰ্ণ উদীয়মান খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলি কামনা কৰে ৷
কেমেৰাত অমন চৌধুৰীৰ সহযোগত বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ৷

Leave a Reply

Your email address will not be published.