সকলোলৈকে ৰঙালী বিহুৰ ওলগ আৰু নতুন বছৰৰ শুভেচ্ছা

সকলোলৈকে ৰঙালী বিহুৰ ওলগ আৰু নতুন বছৰৰ শুভেচ্ছা জনাই এক অনুভৱ আগ বঢ়ালো —

এয়া পৰিবৰ্তিত অসমীয়া সমাজ । আগৰ অসমৰ অসমীয়া সমাজৰ এতিয়া বহুত কথাই সলনি হ’ল , আমিও সৰুকালত কৰি অহা বহুত কথাই এতিয়া এৰি পেলাইছো । এয়া কেৱল মোৰ বা আমাৰ ক্ষেত্ৰতে নহয়, অসমৰ প্ৰায় প্ৰতিঘৰ মানুহৰ একে কথা । অসমৰ প্ৰতিটো পৰিয়ালেই বা প্ৰতি ঘৰ মানুহেই পৰিবৰ্তিত অসমৰ সমাজ আৰু সংস্কৃতিৰ লগত ভাৰসাম্য ৰাখি জীৱনৰ বহুত কথাই এৰা ধৰা বা বুজা বুজিৰে পাৰ কৰিব লগীয়া হৈছে । আপোন পৰিয়াল , বন্ধু বান্ধৱৰ মাজত সঘনাই শুনা যায় — ‘আগৰ দিন আৰু নাই’ । কিন্তু এই একে কেইটা কথা আমি সৰু থাকোতে আমাৰ বয়োজেষ্ঠ সকলেও একে কথাকেই কৈছিল ।

সময় গতিশীল , সময়ৰ লগে লগে সমাজো গতিশীল। আগৰ দিনৰ সমাজৰ গঠন, সমাজ ব্যৱস্থা আৰু সমাজৰ মানুহৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ , কথা বতৰাৰ লগত বৰ্তমান সমাজৰ বহুত পাৰ্থক্য। মানুহৰ প্ৰগতিৰ লগে লগে সমাজৰো প্ৰগতি হৈছে আৰু পৰিবৰ্তন আহিছে ।

যিদৰে বাস্তৱৰ প্ৰয়োজনত প্ৰকৃততে সমাজৰ পৰিবৰ্তন হয় সেইদৰে সংস্কৃতিৰো ৰূপান্তৰ হয় । মানুহৰ বিভিন্ন দিশত অগ্ৰগতিৰ ফলত সংস্কৃতিৰো পৰিবৰ্তন, পৰিবৰ্জন আৰু পৰিবৰ্দ্ধন হয় ।

আমাৰ দিনতো বয়োজেষ্ঠ সকলে কৈছিল – “সময়বোৰ আগতকৈ বেলেগ হ’ল “
কিন্তু সময় জানো বেলেগ হব পাৰে ?

মাজে মাজে আমি অনুভৱ কৰো যেন তাহানি কালৰ পৰা চলি অহা ৰীতি-নীতি বিলাক যেন শেষ হৈ গ’ল । বহুত কথাই যেন বিস্মৃতিৰ গহ্বৰত লুকাই গ’ল । বহুত সময়ত আমি নতুন চাম যুৱক যুৱতীক দোষাৰোপ কৰো আকৌ বহুত সময়ত শিক্ষা ব্যৱস্থাক সমালোচনা কৰো । বহুত সময়ত মহিলা সকলেই সংস্কৃতিৰ বাহক বুলি ভাবি মহিলা সকলৰ সাজ-পাৰ আচাৰ-ব্যৱহাৰক কটু সমালোচনা কৰো। এই সমালোচনাই জানো আমি পুৰণি নিয়ম কৰণ , সমাজ-সংস্কৃতিক ধৰি ৰাখিব পাৰিম ?

আজি সমাজ সংস্কৃতিৰ ক্ৰম বিকাশত আমি এনে এক পৰ্য্যায়ত উপনীত হৈছোহি — উভতি চালে দেখিছো বহুত কথাই আমি এৰি পেলাইছো , বহুত নতুন কথা বা ৰীতি-নীতিক আকোঁৱলি লৈছো । এয়া অপ সংস্কৃতি নহয় , এয়া সমাজৰ ভাঙোন নহয় । এয়া হৈছে সময়ৰ গতিশীলতাৰ লগত এক পৰিবৰ্তিত সমাজ ।

সময়ৰ লগে লগে কেৱল অসমীয়া সমাজেই পৰিবৰ্তন হোৱা নাই। সমাজ সংস্কৃতিৰ ক্ৰম বিকাশত যি পৰিবৰ্তিত সমাজে গঢ় লৈ উঠে সেয়া পৃথিৱীৰ সকলো দেশ সকলো জাতিয়ে সময়ে সময়ে উপলব্ধি কৰি আহিছে ।

পৰিবৰ্তিতঅসমীয়াসমাজআৰুসংস্কৃতি

জুলা শৰ্মা
নতুন দিল্লী

Leave a Reply

Your email address will not be published.