ৰঙালী বিহু উদযাপন

কামৰূপৰ ধিঙৰবৰীত ছাহ-মিলন জাতীয় বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন-–

বহাগ বিহুলৈ মাজত এটা দিন বাকী থকা অৱস্থাতে এখন বিদ্যালয়ত ব্যতিক্ৰমী পদক্ষেপ। কামৰূপ জিলাৰ ধিঙৰবাৰীৰ ছাহ- মিলন নামৰ এই বিদ্যালয়খনে অনুষ্ঠিত কৰিলে প্ৰাক্ ৰঙালী বিহু উৎসৱ। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলে বুধবাৰে এনেদৰে ঢোল পেপা লৈ উদযাপন কৰিলে প্ৰাক ৰঙালী বিহু। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গণি আহমেদৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই ৰঙালী উৎসৱ। ইয়াকৈ লৈ বিদ্যালয়খনৰ প্ৰাংগণত পুৱাৰে দেখা গ’ল এক উৎসৱমুখৰ পৰিবেশ।নিজৰ বিদ্যালয়খনতে এনেদৰে ৰঙালী বিহু উদযাপন কৰিব পাই ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত যেন এক পাৰ ভঙা উছাহ। এনেদৰে এতিয়া কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে ৰঙালীক লৈ বাপক উৎসাহ উদ্দিপনা।.
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট,১৩ এপ্ৰিল ।

Leave a Reply

Your email address will not be published.