কামৰূপৰ পেঞ্চন সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

পেঞ্চন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ দিশত এক যুগান্তকাৰী পদক্ষেপৰ অংশ হিচাপে বিভিন্ন জিলাৰ লগতে আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত পেঞ্চন সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখ্য যে সমগ্ৰ অসমৰ ২৭ খন জিলাত আজি এই পেঞ্চন সেৱা কেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে।

পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই উপলক্ষে সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত বক্তব্য প্ৰদান কৰি পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ জিলাৰ লগতে সমগ্ৰ অসমৰ শিক্ষক সমাজৰ বাবে আজি এক শুভ দিন বুলি কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যুগন্তকাৰী পদক্ষেপৰ ফলত এতিয়াৰে পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক সমাজে নিজ গৃহৰ পৰাই পেঞ্চনৰ যাৱতীয় কাম-কাজ সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি  তেওঁ কয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ  বাবে তেখেতে বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ শিক্ষক সমাজে পূৰ্বতে পেঞ্চন প্ৰাপ্তিৰ দিশত লাভ কৰা বিভিন্ন অসুবিধা সমূহৰ কথা হৃদয়ঙ্গম কৰি এই সমস্যাৰাজি সংস্কাৰকামী পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ কয়। ভাষণ প্ৰসংঙ্গত তেখেতে বৰ্তামনৰ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ ফলশ্ৰুতিত বসুন্ধৰা আচঁনি, পৰিবহন  বিভাগৰ ৩৭ টা সেৱাৰ অনলাইন ব্যৱস্থা, বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভৰ অনলাইন ব্যৱস্থা ইত্যাদিৰ দৰে পেঞ্চনাৰ সকলৰ বাবে আজিৰ পৰা এই বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা হ’ল বুলিও তেঁও কয়। এই প্ৰক্ৰিয়াই শিক্ষক সমাজৰ পূৰ্বৰ কষ্ট লাঘৱ কৰিব বুলিও তেঁও কয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই এই অনলাইন প্ৰক্ৰিয়াৰ সূচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত থাকি প্ৰদান কৰা ভাষণত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে কয় যে এই নতুন ব্যৱস্থাই শিক্ষক সমাজক বাৰুকৈয়ে উপকৃত কৰিব।

পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাগলৈ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ ফলশ্ৰুতিত বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো আজি পেঞ্চন সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন হৈছে। তেওঁ লগতে নতুন উপায়ুক্ত কীৰ্তি জল্লীৰ নেতৃত্বত কামৰূপ জিলাৰ উন্নয়নে এক নতুন মাত্ৰা কৰিব বুলি আশা প্ৰদান কৰে।

অনুষ্ঠানত শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা আৰু উপস্থিত শিক্ষক সমাজৰ পৰাও বক্তব্য প্ৰদান কৰা হয়।

কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ উপৰি কৰ্মৰত তথা অৱসৰপ্ৰাপ্ত শিক্ষক সকলে অংশ লয়।    

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।

Leave a Reply

Your email address will not be published.