হাজোৰ ক্ষেত্ৰীহাৰদিয়াত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি SSB জোৱানৰ স্বাধীনতা দিৱসৰ সজাগতামূলক অনুষ্ঠান সম্পণ্ণ—-

হাজোৰ ক্ষেত্ৰীহাৰদিয়াৰ কে চি কে জাতীয় বিদ্যালয়ত আজি আজাদী কা অমৃত মহোৎসৱৰলগত সংগতি ৰাখি SSB জোৱানৰ স্বাধীনতা দিৱসৰ সজাগতামূলক অনুষ্ঠান সম্পণ্ণ কৰা হয় । জানিব পৰামতে সোনাপুৰ(গুৱাহাটী)ৰ SSB 1st বেটেলিয়ানৰ উদ্যোগত আৰু কে. চি. কে. জাতীয় বিদ্যালয়, ক্ষেত্ৰিহাৰদিয়াৰ সহযোগত “আজাদী কা মহোৎসৱ”ৰ বিভিণ্ণ কাৰ্যসূচী পালন কৰা হয়। উক্ত মহোৎসৱৰ লগত সংগতি ৰাখি SSB ৰ জোৱান, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক অভিভাৱিকাৰ দ্বাৰা এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় । তাৰ পিছত বিভিন্ন সৃষ্টিশীল অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ও ৰাইজ উপস্থিত থাকে । ।।হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।

Leave a Reply

Your email address will not be published.