
এছিয়ান ইনষ্টিটিউট অফ প্ৰফেচনেল কেৰিয়াৰ ফৰামৰ উদ্যোগত যোৱা ২৬ জুনত অনুষ্ঠিত হৈ যোৱা ৰেডিকেল টেলেন্ট চাৰ্চ পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক বটা প্ৰদানৰ উদ্দেশ্য ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এখন সভা অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত ৰেডিকেল টেলেন্ট চাৰ্চ পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত টাহিদুৰ ৰহমানক এটা ডেক্সটপ আৰু মানপত্ৰ, দ্বিতীয় স্থানপ্ৰাপ্ত লিছম কাশ্যপক নগদ ৩০০০ টকা লগতে মানপত্ৰ আৰু তৃতীয় স্থানপ্ৰাপ্ত অভিজিৎ দাসক নগদ ২০০০ টকা লগতে মানপত্ৰ প্ৰদান কৰে । এই সভাতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়গাঁও পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ডিষ্টিংচন লাভ কৰা আৰু ছয়গাঁও মহাবিদ্যালয়ৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা মুঠ ১৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই । অৱসৰপ্ৰাপ্শিক্ষক চক্ৰধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মূখ্য অতিথি হিচাপে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ কৰুনা কলিতা, গুৱাহাটী এ এছ জি চকু চিকিৎসালয়ৰ মেনেজাৰ কুশলেন্দ্ৰ শিং, গুৱাহাটী এ এছ জি চকু চিকিৎসালয়ৰ মাৰ্কেটিং মেনেজাৰ কৃষাণ শ্ৰীবাস্তৱ, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কিৰণ চন্দ্ৰ কলিতাকে প্ৰমূখ্যে কৰি বহুতো ছাত্ৰ-ছাত্ৰী ।
ছয়গাঁও ৰ পৰা আহম্মদ আলীৰ প্ৰতিবেদন প্ৰাতঃ Time