
হাজোৰ বিজেপিৰ মূখ্য কাৰ্যালয়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” অনুষ্ঠানত ভাগ ললে একাংশ বিজেপি কৰ্মী তথা দলীয় বিষয়ববীয়াই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনাতাৰ মাধ্যমেৰে দেশৰ বিভিন্ন দিশৰ উণ্ণয়নৰ ওপৰত নিজৰ অনুভৱ ব্যক্ত কৰি অহাৰ সমান্তৰালকৈ আজিও জুলাই মাহৰ শেষৰটো ৰবিবাৰে সন্বোধন কৰে মন কী বাত অনুষ্ঠান । দলীয় কাৰ্যকৰ্তা,সমৰ্থক আৰু দেশৰ জনতাক উদ্দেশ্যি আগবঢ়োৱা শীৰ্ষক অনুষ্ঠানটিত আজি হাজো বিজেপি মুখ্য কাৰ্যালয়ত উত্তৰ হাজো মণ্ডলৰ ২ নং হাজো গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৫৮ নং বুথৰ অধীনত সমূহ বিজেপি কৰ্মীয়ে সমূহীয়াভাৱে উপভোগ কৰে।উক্ত অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ,হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা,উত্তৰ হাজো মণ্ডল বিজেপিৰ সভাপতি তিলক শৰ্মা, বিজেপি নেতা নগেন মালাকৰ,২ নং হাজো গাওঁ পঞ্চায়তৰ সভানেত্ৰী তিলমা মেধি,বুথৰ মহিলা সভানেত্ৰী অনুপমা দাস,বিজেপি সক্ৰিয়
কাৰ্যকৰ্তা ব্ৰজেন্দ্ৰ ভৰালীকে প্ৰমূখ্যে কৰি প্ৰায় শতাধিক মহিলা কৰ্মী ও স্থানীয় ৰাইজ । ।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।