
“মণিকূট মঞ্জৰী “শীৰ্ষক কবিতা সংকলন উন্মোচন
মণিকূট সাহিত্য সমাজ হাজোৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা তীৰ্থনগৰী হাজোৰ কুমাৰপাৰাস্থিত অৰুণোদয় বিদ্যা নিকেতন প্ৰাংগনত অনুস্থিত হ’য় । মণিকূট সাহিত্য সমাজৰ সভাপতি শ্ৰীপ্ৰকাশ দাসৰ সভাপতিত্বত অনুস্থিত সভাত মণিকূট সাহিত্য সমাজৰ দ্বাৰা প্ৰকাশিত তথা হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত কুমাৰ দাসৰ সম্পাদনাত উলিওৱা ” মণিকূট মঞ্জৰী” শীৰ্ষক কবিতা সংকলন খনি উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে । গ্ৰন্থ খনি উন্মোচন কৰি ভাগৱতীয়ে কয় যে,কবিতা ভাৱনাৰ নিখুঁত ৰূপত প্ৰকাশ পায় । মণিকূট সাহিত্য সমাজৰ সম্পাদক বিশ্বজিৎ বিশ্বাসীয়ে আত ধৰা গ্ৰন্থ উন্মোচনী সভাত নিমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰি বিচিএম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক চাইদুৰ ৰহমানে সাহিত্য সৃষ্টিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত দাঙি ধৰি সাহিত্য প্ৰেমী সকলক মোহিত কৰে । সভাত বিশিষ্ট সমাজকৰ্মী মদন মোহন দাস,মণিকূট সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি অচ্যুত চন্দ্ৰ দাস,সাহিত্য সেৱী বিবেকানন্দ দাস,ৰমণী বেজবৰুৱা, মহিম কুমাৰ দাস,অশোক হাটখোৱা,জয়া মেধিকে ধৰি কেৱাগৰাকী সাহিত্য প্ৰেমীয়ে মণিকূট সাহিত্য সমাজৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত বক্তব্য আগবঢ়াই । সভাত শলাগৰ শৰাই আগবঢ়াই ৰিজুমণি ভূঞাই । ।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।