বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাউবাৰী গাওঁ পঞ্চায়তত ৫০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি

বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাউবাৰী গাওঁ পঞ্চায়তত ৫০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি কৰে মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই। মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মঞ্জু ঘোষে প্ৰেক্ষাগৃহ মুকলি কৰাৰ পিছত প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাত খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত সভানেত্ৰী হম্যা পাটগিৰি, পঞ্চায়ত সচিব, আঞ্চলিক পঞ্চায়ত সদস্যসহ পঞ্চায়ত সদস্য আৰু ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে। জিলাখনৰ ভিতৰত বৃহত্তম প্ৰেক্ষাগৃহ খনত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন সভা সমিতি অনুষ্ঠিত হব বুলি উল্লেখ কৰে খণ্ড উন্নয়ন বিষয়াই।

প্ৰেৰকঃ মাণিকপুৰৰ পৰা ৰফিকুল ইছলাম

Leave a Reply

Your email address will not be published.