
বৰপেটা জিলা আৰক্ষীৰ উদ্দ্যোগত সৰভোগ আৰুক্ষী থানা আৰু আলোপতি চৰ আৰুক্ষী থানা ক্ৰীড়া সন্থাৰ সহযোগত পশ্চিম বৰনগৰ উচ্চতৰ খেলপথাৰত আন্ত থানা প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰক্ষী অধীক্ষক অমিতাভ সিনহাই খেলপথাৰত উপস্থিত হৈ খেল উপভোগ কৰে। খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা আৰুক্ষী অধীক্ষক অমিতাভ সিনহা দুয়োখন থানাৰ ভাৰপ্ৰাপ্ত আৰুক্ষী বিষয়া বৰনগৰ ৰাজহ চক্ৰ বিষয়া প্ৰাৰ্থ প্ৰতিম খনিকৰ বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাক্ষ বীৰেণ কুমাৰ চক্ৰৱৰ্তী । খেলখনত আলোপতি চৰ আৰুক্ষী থানাই সৰভোগ আৰক্ষী থানাক তিনি দুই ব্যৱধানত পৰাজয় কৰে। প্ৰীতি খেলখন জিলাখনৰ আৰক্ষীৰ লগতে সহস্ৰাধিক ৰাইজে উপভোগ কৰে। বৰপেটা জিলা আৰুক্ষী অধীক্ষকে উল্লেখ কৰে ক্ৰীড়া সমাজখন আলোকিত কৰি তুলে । যুৱ প্ৰজম্নসকলক ক্ৰীড়া প্ৰতি আৰ্কষিত কৰিবলৈ খেলুৱৈ সকলক বুজনি দিয়ে ।
প্ৰেৰকঃ মাণিকপুৰৰ পৰা ৰফিকুল ইছলাম ।