বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক গিয়াছুদ্দিন আলীৰ বিদায় সম্বৰ্ধনা সভা সম্পন্ন —

কামৰূপ জিলা শিক্ষা বিভাগৰ অধীনস্থ বৃহত্তৰ বৰম্বৈ অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুস্থিত হৈ যায় এক বিদায় সম্বৰ্ধনা সভা। শিক্ষানুষ্ঠান খনত ১৯৯৩ চনৰ পৰা এগৰাকী বিষয় শিক্ষক হিচাপে মানৱ সম্পদ গঢ়া মহান বৃত্তিত কৰ্মৰত হৈ থাকি ২০২১ চনত অৱসৰী জীৱন গ্ৰহন কৰা গিয়াছুদ্দিন আলীক আনুষ্ঠানিক ভাৱে বিদায় জনোৱা উদ্দেশ্যে অনুস্থিত কৰে এই বিদায় সম্বৰ্ধনা সভা। সভাত পৌৰোহিত্য কৰে শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ আবু ছালেহ মহম্মদ ছালেহুদ্দিনে। সহকাৰী শিক্ষক মতিউৰ ৰহমানে আতধৰা এই সম্বৰ্ধনা সভাত বিদায়ী বিষয় শিক্ষক গিয়াছুদ্দিন আলীয়ে ভাষন প্ৰসংগত কয়, আজি এই সময়ত মোৰ মনটো বহুত বেয়া লাগিছে। কাৰণ বিদায় মানেই হ’ল কষ্ট, বিদায় মানেই হ’ল যন্ত্রণা, বিদায় মানেই হ’ল বিষাদৰ এক বোৱতী নৈ। আজি বিষাদৰ সুৰে মোৰ মনটো যেন কৰি তুলিছে অত্যন্ত ভাৰাক্রান্ত, আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা অৰ্থাৎ আজিৰ পৰা প্ৰায় আঠাইশ বছৰ পূৰ্বে যেতিয়া মই প্রথম এই বিদ্যালয়খনলৈ আহিছিলো, সিদিনা মনটো ইমান ভাল লগা নাছিল,কিন্তু আজিচোন এইখন বিদ্যালয় খন ত্যাগ কৰাৰ সময় সমাগত হোৱাত মনৰ ভিতৰত থকা কলিয়া ডাৱৰবোৰ দুচকুত অশ্রু হৈ নিগৰিব ধৰিছে। এনেদৰে ভাষন ৰাখিয়ে তেওঁ আবেগ বিহ্বল হৈ পৰে আৰু সভাগৃহত এক নিৰৱতাৰ পৰিবেশ গঢ় লৈ উঠে। শিক্ষানুষ্ঠান খনৰ পৰা পূৰ্বতে অৱসৰ গ্ৰহণ কৰা সহকাৰী শিক্ষক ক্ৰমে মফিজুদ্দিন আহমেদ, মহেশ্বৰ ডেকা, ছৈয়দ চমছেৰুদ্দিন আহমেদ আৰু চাহনুৰ আলীৰ উপস্থিতিত মতিউৰ ৰহমান, মুনিন্দ্ৰ ভড়ালী আৰু মুছাহক চৌধুৰীয়ে বিদায়ী সভা উপলক্ষে শিক্ষানুষ্ঠান খনৰ অতীত ৰোমন্থন কৰে। শিক্ষানুষ্ঠান খনৰ শিক্ষক-কৰ্মচাৰী তথা প্ৰায় আঠ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত এই সভাতে এখন ধৰ্মীয় গ্ৰন্থ, এখন পিতলৰ শৰাই, এটি ছাতি, কলম, নোটবুক আৰু ফুলাম গামোছাৰে বিদায়ী বিষয় শিক্ষক গিয়াছুদ্দিন আলীক বিপুল ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।. ।।
হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।

Leave a Reply

Your email address will not be published.