হাজো ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান অসম যুৱ অলিম্পিকত পদক বিজয়ী হাজোৰ খেলুৱৈক সম্বৰ্ধনা

অসম যুৱ অলিম্পিক ২০২২-ত পদক লাভ কৰা হাজো সমষ্টিৰ ৪গৰাকী খেলুৱৈক হাজো ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিপুলভাবে সম্বৰ্ধনা জনোৱা হয়। হাজোৰ উচ্চশিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান সুৰেন দাস মহাবিদ্যালয়ৰ শ্ৰীশ্ৰী মাধৱদেৱ ৰঙ্গমঞ্চত অনুষ্ঠিত অনুষ্ঠানত অসম যুৱ অলিম্পিকত কামৰূপ জিলা দলৰ হৈ কাৰাটেত প্ৰতিনিধিত্ব কৰি ছোৱালীৰ জুনিয়ৰ ৫৩ কেজিৰ তলৰ শাখাত বহ্নিমান কাৰাটে একাডেমীৰ ছোনিয়া মালাকৰে লাভ কৰে ৰূপৰ পদক, ল’ৰাৰ কেডেট ৫৭কেজি তলৰ শাখাত হিৰক দাসে ব্ৰঞ্জ, দমদমা কাৰাটে একাডেমীৰ ভাস্বতী মহন্তই ছোৱালীৰ জুনিয়ৰ ৫৯ কেজি ওজনৰ তলৰ শাখাত ব্ৰঞ্জ আৰু হিমাংশু ৰাজ পাটোৱাৰীয়ে ল’ৰাৰ জুনিয়ৰ কাটা আৰু জুনিয়ৰ ৬১ কেজি ওজনৰ তলৰ শাখাত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি তীৰ্থনগৰী হাজোলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ কেইগৰাকী হাজো ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ফুলাম গামোচা, জাপি, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠান বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি অসম যুৱ আয়োগৰ সদস্য তথা অসম যুৱ অলিম্পিকৰ উপ-সভাপতি ৰাতুল শৰ্মাই খেলুৱৈ কেইগৰাকীক গামোছা, কাৰাটেৰ গ্লোভচ্ আৰু পিতলৰ ডুলৰীৰে সম্বৰ্ধনা জনাই। লগতে হাজো আঞ্চলিক ছাত্ৰ সন্থা, কাৰাটে প্ৰশিক্ষক অংকিতা মালাকৰ আৰু আন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যাক্তি বিশেষে পদক বিজয়ী খেলুৱৈকেইগৰাকীক সম্বৰ্ধনা জনাই। হাজো ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ দাসে আঁতধৰা সম্বৰ্ধনা অনুষ্ঠান সভাপতি দিপাংকৰ মজুমদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, হাজো সাংবাদিক সন্থাৰ সভাপতি গোবিন্দ দাস, হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম্বাৱেল দৈমাৰী, হাজো ক্ৰীড়া সন্থাৰ মুখ্য পৰামৰ্শদাতা মদনমোহন দাস, সম্পাদক ধীৰাজ দাস, ক্ৰীড়া সংগঠক বিৰেন্দ্ৰ কুমাৰ দাস, শৰৎ নায়ক, মৃণাল কুমাৰ দাস, মনোজ মেধি, পংকজ শৰ্মা, কাৰাটে প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী ছেনচেই মণ্টু ওজা আদি। আনহাতে হাজো ক্ৰীড়া সন্থাৰ অধীনৰ বহ্নিমান কাৰাটে একাডেমীৰ উদ্যাগত অনুষ্ঠিত ইউনিৰ্ভাচেল কাৰাটে ডো ফেডেৰেশ্যনৰ ৰঙীণ বেল্টৰ পৰীক্ষাত ২৫০গৰাকী খেলেৱৈয়ে অংশগ্ৰহণ কৰে। সুৰেন দাস মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কাৰাটেৰ বেল্টৰ পৰীক্ষাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে অসমৰ আগশাৰীৰ জ্যেষ্ঠ কাৰাটেকা ছেনচেই দেৱব্ৰত শৰ্মা, ছেনচেই খগেন কলিতা আৰু ছেনচেই যুগল ডেকা।।

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।

Leave a Reply

Your email address will not be published.