নাজিৰা অ’এনজিচি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

সোমবাৰে নাজিৰাৰ অ’এনজিচিৰ অফিচাৰ্চ ক্লাৱত নাজিৰা অ’এনজিচি শাখা সাহিত্য সভাৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় । পুৱাই পতাকা উত্তোলন কৰে শাখা সভাপতি ব্ৰজেন ফুকনে।বৃক্ষ ৰোপণ কৰে মনুজ বৰা,বন্তি প্ৰজ্বলন ভাগ লয় ক্ৰমে অনন্ত কলিতা,অচ্যুৎ দাস,চায়া ইছলাম বড়াকে আদি কৰি বহু গণ্যমাণ্য ব্যক্তিয়ে। চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে মঞ্চ মুকলি কৰা মুকলি সভাত সভাপতিত্ব কৰে নাজিৰা অ’এনজিচি শাখা সাহিত্য সভাৰ সভাপতি ব্ৰজেন ফুকনে।সভাৰ উদেশ্য ব্যখ্যা আগবঢ়াই নাজিৰা অ’এনজিচি শাখা সাহিত্য সভাৰ সম্পাদিকা আমিনা বেগমে।শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত আলোচনাত ভাগলৈ কয় যে শিৱসাগৰ অ’এন জি চি খন এখন হৈছে মিনি ভাৰতবৰ্ষ,ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু ভাষা ভাষিয়ে এই শিৱসাগৰতে কৰ্মসূতে বাস কৰে , তেওঁলোককো অসমীয়া ভাষাৰ সুৱাদ দিবলৈ আহব্বান জনায়।আনএজন বক্তা তথা নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জীৱন কলিতাই নাজিৰা অ’এনজিচি শাখা সাহিত্য সভাৰ পৰা এখন আলোচনী প্ৰকাশৰ আহব্বান জনায়।উক্ত অনুষ্ঠানত ভাগ লয় ক্ৰমে দেম্বী ৰাম পাঙিং ,অচ্যুৎ দাস লগতে ভালে কেইজন ব্যক্তিয়ে তাৰ পিছতেই কবিতা পাঠ অনুষ্ঠানত ভাগ লয় ক্ৰমে চাইয়া ইছলাম বড়া,দেৱ কুমাৰ মিলি,মণিমালা চেতিয়া,হাৰেজা বেগম ,জেউতি গগৈ ,অনন্যা খাৰঘৰীয়া,জয়া হাজৰিকা লগতে ভালে কেইগৰাকী কবিয়ে।ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সকলৰ সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠানটো জীপাল কৰি তুলে ।

নাজিৰাৰ পৰা জুলফিকাৰ আলি

Leave a Reply

Your email address will not be published.