অসম চৰকাৰে প্ৰথম বাৰৰ বাবে প্ৰদান কৰা “লোক সেৱা পুৰস্কাৰ ” বটাঁ পাবলৈ সক্ষম হোৱা হালোগাওৰ সু- সন্তান ৰাতুল বৈশ্যক আছুৰ সম্বৰ্ধনা


-অসম চৰকাৰে পোন প্ৰথম বাৰৰ বাবে চিকিৎসাৰ লগত জড়িত হৈ সমাজৰ কাৰনে নি: স্বাৰ্থ ভাবে সেৱা আগবঢ়াই থকা কৰ্মী সকলক লোক সেৱা পুৰস্কাৰেৰে পুৰষ্কৃত কৰাত যথেষ্ট উৎসাহিত হোৱা দেখা গৈছে। কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ, পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত হালোগাও নিবাসী, হাজো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ, খণ্ড পৰিদৰ্শক ” ৰাতুল বৈশ্য ” এই বঁটা পাবলৈ সক্ষম হোৱাত, অঞ্চলটোৰ ৰাইজ তথা ছাত্ৰ সন্থা যথেষ্ট গৌৰাৱান্বিত হৈছে।
এসময়ত ছাত্ৰ সন্থাৰ মজিয়াত থাকি ছাত্ৰ সন্থাক সবল নেতৃত্ব প্ৰদান কৰি ৰাইজৰ সেৱা আগবঢ়াই থাকি পিছত অসম চৰকাৰৰ চিকিৎসা কেন্দ্ৰৰ লগত জড়িত হৈ, ক’ভিড মহামাৰী সময়ছোৱাতো নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি নি: স্বাৰ্থ ভাৱে সমাজৰ সেৱা আগবঢ়াই থকাৰ পিছত যোৱা ৫ আগষ্ট তাৰিখে কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যলয়ত অসম চৰকাৰৰ মাননীয় মুখ্য মন্ত্ৰীৰ দ্বাৰা মনোনীত ” লোক সেৱা পুৰস্কাৰ ” ৰাতুল বৈশ্যই পাবলৈ সক্ষম হোৱাৰ পিছত যোৱা কালি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা,আৰু হালোগাও শাখা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল বৈশ্য ডাঙৰীয়াৰ হালোগাও স্হিত বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।
ৰাতুল বৈশ্য ডাঙৰীয়াই ” লোক সেৱা পুৰস্কাৰ ” বঁটা পাবলৈ সক্ষম হোৱাত, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ কলিতাই তেখেতক শুভেচ্ছা জ্ঞাপন কৰি, অনাগত দিনটো নিজৰ কৰ্ম দক্ষতাৰ জৰিয়তেই ৰাইজক চিনাকি দি যাবলৈ আহ্বান জনাই। আছুৰ প্ৰতিনিধি দলটোত উপস্থিত আছিল, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ধনজিত কুমাৰ নাথ, আছুৰ সদস্য হীৰকজ্যোতি মেধী, সুদীপ্ত মেধী,সৌৰভ হাজৰিকাৰ লগতে কেইবাজনো আছুৰ সদস্য উপস্থিত আছিল।. ।।

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।

Leave a Reply

Your email address will not be published.