তাৰিখ-১৬জুন,২০২৫
বঙাইগাঁৱত জনজাতীয় গাঁৱৰ বাবে স্বাস্থ্য শিবিৰ
বঙাইগাঁও,১৬ জুন:
বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে,বঙাইগাঁও জিলাৰ স্বাস্থ্য সমিতিৰ উদ্যোগত ধৰ্তি আভা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানক লক্ষ্য কৰি জিলাখনৰ ২৮ খন গাঁও সামৰি স্বাস্থ্য বিভাগে এক উদ্যম স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আজিৰ পৰা আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰ অহা ৩০ জুনলৈ চলি থাকিব।
জিলাখনত প্ৰতিখন জনজাতীয় গাঁওক সামৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ই- কে ৱাই চি, আভা আই দি নম্বৰ সৃষ্টি কৰোৱা হ’ব। আজি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বলেন্দ্ৰ নাৰায়ণ ডেকা আৰু জিলাৰ স্বাস্থ্য বিভাগৰ প্ৰচাৰ মাধ্যম বিশেষজ্ঞৰ উপস্থিতিত দুখনকৈ গাঁও পৰিভ্ৰমন কৰি স্বাস্থ্য শিবিৰৰ বুজ লোৱা হয়।
উল্লেখ্যযোগ্য যে যিসকল ব্যক্তিয়ে এতিয়ালৈ আভা নম্বৰ সৃষ্টি কৰিব পৰা নাই তেওঁলোকে তাত আভা নম্বৰ সৃষ্টি কৰিব পাৰিব। গতিকে সকলো ৰাইজক আধাৰ নম্বৰ আৰু এটা নিদিষ্ট মোবাইল নম্বৰ লগত আনিবলৈ স্বাস্থ্য বিভাগৰ পৰা অনুৰোধ জনোৱা হয়।