চাংসাৰি আঠিয়াবৈত ভূই ৰোৱা ও কঠিয়া বিতৰণী কাৰ্যসূচী।

চাংসাৰি আঠিয়াবৈত ভূই ৰোৱা ও কঠিয়া বিতৰণী কাৰ্যসূচী।

চাংসাৰি আঠিয়াবৈত আকাংক্ষা কৃষি আত্ম সহায়ক গোট আৰু ভাৰতীয় জনতা পাৰ্টীৰ কিষান মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ভূই ৰোৱা আৰু কঠিয়া বিতৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

আজি ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই প্ৰায় ২০ জন কৃষকক কঠিয়া বিতৰণ কৰে ।

বিগত পাঁচটা বছৰে আকাংক্ষা কৃষি গোটে বান পীৰিত ৰাইজৰ সকাহ হোৱাৰ উদ্দেশ্যেৰে কঠীয়া বিতৰণ কৰি আহিছে।

আজিৰ এই অনুষ্ঠানত অসম প্ৰদেশ কিষান মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, আকাংক্ষা কৃষি আত্ম সহায়ক গোটৰ সদস্য সকলৰ লগতে কেইবাগৰাকীও খেতিয়কৰ সৈতে ভূই ৰোৱা কাৰ্যসূচী ৰূপায়ন কৰা হয়।