নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাৰ দায়িত্বভাৰ গ্ৰহণ আৰু জিলা আয়ুক্ত শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিদায় সভা সম্পন্ন।

১৬ জুন, ২০২৫

নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাৰ দায়িত্বভাৰ গ্ৰহণ আৰু বিদায়ী জিলা আয়ুক্ত শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিদায় সভা সম্পন্ন।

আজি ইংৰাজী ১৬ জুন, ২০২৫ তাৰিখে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মনোজ চিকাৰীয়াৰ সভাপতিত্বত জিলা আয়ুক্ত শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহ ডাঙৰীয়াৰ বিদায় সভাখন অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভণিতে বিদায়ী আয়ুক্ত গৰাকীক জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে আয়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে । সভাত উপস্থিত বিষয়া আৰু কৰ্মচাৰী সকলে কৰ্মক্ষেত্ৰত আয়ুক্ত গৰাকীৰ লগত পাৰকৰা বিভিন্ন অভিজ্ঞতা সমূহ ৰোমন্থন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত আয়ুক্ত গৰাকীয়ে প্ৰদান কৰা দিহা পৰামৰ্শৰ কথা সোঁৱৰণ কৰি তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । বিদায়ী আয়ুক্ত গৰাকীয়ে তেখেতৰ ভাষণত নগাঁও জিলাখনত বিগত তিনি বছৰত কৰ্মসূত্ৰে লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰি, এই ক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলে আগবঢ়োৱা সহযোগিতাৰ বাবে শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।

সভাৰ শেষত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মনোজ কুমাৰ চিকাৰীয়াই তেখেতৰ ভাষণত বিদায়ী আয়ুক্ত গৰাকীৰ নতুন কৰ্মস্থানত সফলতা কামনা কৰি তেখেতৰ লগতে তেখেতৰ সপৰিয়ালৰ সুস্বাস্থ্য কামনা কৰে ।

আজিৰ এই বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী দেবযানী চৌধুৰী, ৰহা সমজিলাৰ সম আয়ুক্ত, অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগতে জিলা আয়ুক্ত কাৰ্য্যালয় আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

আজি বিয়লি বেলা নৱনিযুক্ত জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই নগাঁও জিলা আয়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।