তাৰিখ-১৬জুন,২০২৫
শ্বহীদ কুশল কোঁৱৰক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
ঐতিহাসিক বিয়াল্লিশৰ অমৰ শ্বহীদ কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে দেশমাতৃৰ মহান শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । এই উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু পাৰ্কত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন ইত্যাদি বিভাগৰ মন্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পন কৰে । ভাৰত মাতৃৰ সুযোগ্য সন্তান শ্বহীদ কুশল কোঁৱৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন
কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে আজিৰ এই পৱিত্ৰ দিনটোৱে আমাক স্বজাতি ৰক্ষাৰ হকে আত্মবলিদান দিয়াৰ কথা সোঁৱৰাই দিয়ে । শ্বহীদ গৰাকীয়ে দেশ সেৱাৰ বাবে নিজকে হাঁহি মুখে আত্মবলিদান দিছিল । তেওঁৰ আত্মবলিদানে আমাক অতুলনীয় প্ৰেৰণা দিয়ে । এনে এগৰাকী বৰণ্য, মহান ব্যক্তিৰ আদৰ্শ আমি সকলোৱে অনুকৰণ কৰিব উচিত । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ, হাফিজ মৌলানা মোস্তাকিম নাজিৰিয়ে কোৰাণ পাঠ, ভগত সিঙে শিখ ধৰ্মীয় গ্ৰন্থ , ক্ষেমানন্দ ভিক্ষুয়ে ত্ৰিপিটক আৰু দ্বীপেন বড়োৱে বাইবেল পাঠ কৰে । আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰ
ণীয়া ,উপাধ্যক্ষ মুকুতা ডেকা, মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান ,জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা,মহকুমা দণ্ডাধীশ কংকন শৰ্মা , শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ, মহানগৰ মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি কালিন্দ্ৰ কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক দ্বীজেন্দ্ৰ মোহন শৰ্মা , সম্পাদক কমল চন্দ্ৰ লহকৰ প্ৰমুখ্যে সন্মিলনৰ অন্যান্য বিষয়ব
বীয়া তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।