বকোৰ ছমৰীয়া সত্ৰত ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ তিৰোভাৱ তিথি ও মহোৎসৱ

১৫৮৮ খৃষ্টাব্দত শ্ৰীশ্ৰী বৰবিষ্ণু আতাই স্থাপন কৰা তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনস্থলী, নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম পীঠস্থান দক্ষিণ কুলীয়া শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ থানত অহা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই তিৰোভাৱ তিথি ও সভা মহোৎসৱ ।

এই উপলক্ষে চাৰিও দিনা বিভিন্ন ধৰ্মীয় ও পম্পৰাগত অনুষ্ঠানৰ লগতে ধৰ্মীয় আলোচনা চক্ৰ আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।

উল্লেখ্য, বিভিন্ন জাতি – জনগোষ্ঠীৰ লোকৰ মাজত এক সমন্বয়ৰ ধ্বজ্জা বহন কৰি অহিছে এই তিৰোভাৱ তিথি ও সভা মহোৎসৱে ।

তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি ৬ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেলা মহোৎসৱ । ইয়াক লৈ বৃহত্তৰ অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসাহ উদ্দীপনাৰ ।

এই তিথি ও সভা মহোৎসৱ লৈ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা ভক্তপ্ৰাণ ৰাইজ,বাপ- বান্ধৱ,ভকত আৰু তীৰ্থযাত্ৰীক আদৰাৰ বাবে সত্ৰবাসী ও সত্ৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ।

বৰবিষ্ণু আতাৰ এই তিৰোভাৱ তিথি ও সভা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে সৰ্বস্তৰৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহায়- সহযোগিতা  আৰু অংশগ্ৰহণ  সত্ৰাধিকাৰ,সত্ৰৰ মজুমদাৰ  প্ৰমূখ্যে সত্ৰ পৰিচালনা সমিতিয়ে কামনা কৰিছে  ।